ekabeka.comৰ সদস্য হিচাবে মই তলত উল্লেখ কৰা আচৰণ বিধি মানি চলিম

১|বাতৰিৰ স্বাধীনতাক সুৰক্ষাদান কৰিম|

২|সংবাদৰ বস্তুনিষ্ঠতা,অভ্রান্ততা আৰু সত্যতা বজাই ৰাখিম আৰু তথ্যৰ বিকৃতি ঘটোৱাৰ পৰা বিৰত থাকিম|

৩|জনসাধাৰণৰ প্রতি দায়বদ্ধতা অক্ষুন্ন ৰাখিম|

৪|বিনা প্রমাণে কোনোলোককে দোষাৰোপ,মানহানি,কুৎসাৰটনা আৰু ব্যক্তি স্বাধীনতা হানিকৰ কামৰ পৰা দূৰত থাকিম|

৫|ভাৰতবৰ্ষৰ সংহতি আৰু স্বাধীনতাৰ প্রতি শ্রদ্ধা প্রদৰ্শন কৰিম|

৬|ব্যক্তিগত গোপনীয়তাৰ প্রতি শ্রদ্ধা নিবেদন কৰিম|

৭|যিবোৰ বাতৰিয়ে সমাজত অশান্তি সৃষ্টি কৰাৰ আশংকা আছে সেইবোৰ পৰিবেশনৰ ক্ষেত্রত সংযত হ’ম|

৮|কোনো উৰা বাতৰিৰ ভিত্তিত কাৰোবাৰ ব্যক্তিগত জীৱন কলুষিত কৰা বাতৰি প্রকাশৰ পৰা বিৰত থাকিম|কোনো ধৰণৰ ব্যক্তিগত বাতৰি প্রকাশ হলেও সি জনস্বাৰ্থৰ উদেশ্যতহে হ’ব|

৯|অপৰাধ প্রৱনতা বৃদ্ধি কৰিবপৰা বাতৰি প্রকাশৰ পৰা বিৰত থাকিম|