Eternal Quest

বাতৰি

এলবাম

ভিডিও

জনপ্ৰিয় বিষয়

অন্যান্য

১| কেনেকুৱা তথ্য বা বা-বাতৰি ekabeka.comত প্রকাশৰ বাবে যোগ্য বুলি বিবেচিত হ'ব?

উত্তৰ: আপোনাৰ অঞ্চলত ঘটা যি কোনো ঘটনা, কোনো সামাজিক,অৰ্থনৈতিক, ৰাজনৈতিক,ভৌগলিক, সাংস্কৃতিক আদিৰ বিভিন্ন সমস্যাৰ বিষয়ে আপোনাৰ মতামত, প্রবন্ধ, গল্প, কবিতা, হ'ব লগা সভা-সমিতি, অনুষ্ঠান-প্রতিস্হান আদিৰ খবৰ ekabeka.comত প্রকাশৰ বাবে যোগ্য বুলি বিবেচিত হ'ব।

২| Ekabeka.comত তথ্য বা বা-বাতৰি প্রকাশৰ বাবে কেনেধৰণৰ যোগ্যতাৰ আৱশ্যক?

উত্তৰ: Ekabeka.comত তথ্য বা বা-বাতৰি প্রকাশৰ বাবে আপুনি ekabeka.comৰ সদস্যৰুপে পঞ্জীয়ণ কৰিলেই হ'ব। লগতে অসমীয়া ভাষাৰ কিছু দখল থকাটো বাঞ্চণীয়।

৩| এজন সদস্যই তথ্য বা বা-বাতৰি দাখিল কৰাৰ লগে লগে প্রকাশ পাবনে?

উত্তৰ: এজন সদস্যই তথ্য বা বা-বাতৰি দাখিল কৰাৰ লগে লগেই প্রকাশ নাপায়। Ekabeka.comৰ সমপাদকৰুপে স্বীকৃত কোনো সদস্যই বাতৰি সমূহ প্রথমে নিৰীক্ষণ কৰিব আৰু ekbeka.comৰ নিয়মাৱলীক আধাৰ হিচাবে লৈ তাক প্রকাশৰ বাবে অনুমোদন জনাব।লগতে আপোনাৰ লেখাটোক নিদিষ্ট শিতানত অন্তভুক্ত কৰিব।

৪| Ekabeka.comত বাতৰি কিদৰে দাখিল কৰিম ?

উত্তৰ: বাতৰি দাখিল কৰিবৰ বাবে ekabeka.comত প্রথমে লগইন(Login)কৰিব লাগিব। তাৰ পাছত "বাতৰি যোগ কৰক" বুলি লিখা সংযোগী পৃষ্ঠাটোলৈ যাওক। উক্ত পৃষ্ঠাত আপোনাৰ বাতৰিটো লিখক। বাতৰি সৰ্ম্পকীয় কোনো চিত্র প্রকাশৰ বাবে প্রয়োজনীয় চিত্রখনো বাতৰিৰ লগতে সন্নিবিষ্ট কৰক।আপুনি যদি এখনতকৈ অধিক চিত্র সন্নিবিষ্ট কৰিব বিছাৰিছে তেন্তে উক্ত বাতৰিটোৰ বাবে এটা এলবাম বনাওক আৰু বাতৰিৰ পৰা উক্ত এলবামলৈ এটা সংযোগ(link)ৰ ব্যৱস্হা কৰক। প্রয়োজন সাপেক্ষে এটা বাতৰিৰ পৰা আন এটা বাতৰিলৈ সংযোগ(link)ৰ ব্যৱস্হা কৰিব পৰা যায়। আকৌ এটা বাতৰিৰ পৰা আন ৱেবচাইটৰ কোনো পৃষ্ঠালৈও সংযোগ(link)ৰ ব্যৱস্হা কৰিব পৰা যায়।

৫| বাতৰিৰ লগত মোৰ মন্তব্য কেনেকৈ যোগ কৰিম?

উত্তৰ: বাতৰিত আপোনোৰ মন্তব্য যোগ কৰিবৰ বাবে "আপোনোৰ মন্তব্য যোগ কৰক" বাটনত ক্লিক কৰক৷ তাৰ পাছত মন্তব্য যোগ কৰাৰ বাবে এটা নতুন পৃষ্ঠা দেখা পাব৷ সেই পৃষ্ঠাত অসমীয়াত আপোনাৰ মন্তব্য যোগ দিব পাৰিব৷ অসমীয়াত লিখাৰ সুবিধাৰ বাবে সেই পৃষ্ঠাৰ শেহত কীবর্ডৰ সজ্জাটো দেখা পাব৷ কীবর্ডৰ পৰা বর্ণমালাৰ সকলো আখৰ কি দৰে লিখিব পাৰি জানিবৰ বাবে তলত দিয়া প্রশ্নৰ উত্তৰ চাওক৷

৬| মোৰ কম্পিউটাৰৰ পৰা অসমীয়াত লিখিব পাৰিমনে?

উত্তৰ: আপুনি যদি ইন্টাৰনেট চাবৰ বাবে ইন্টাৰনেট এক্সপ্লোৰাৰ, ফায়াৰফক্স বা গুগল ক্রোম ব্যবহাৰ কৰে, নিশ্চয় পাৰিব৷ আপুনি যদি এই ৱেবচাইটৰ লিখাখিনি পঢ়িব পাৰিছে তেনেহলে অসমীয়াত লিখাত আপোনাৰ একো অসুবিধা নহয়৷ আমাৰ ৱেবচাইটত অসমীয়াত লিখিবৰ বাবে আপোনাক বিশেষ কীবর্ডৰ প্রয়োজন নহয়৷ বেছিভাগ কীবর্ডৰ পৰা এই ৱেবচাইটত লিখাত একো অসুবিধা হোৱা নাই৷

৭| অসমীয়াত কেনেকৈ টাইপ কৰিম?

উত্তৰ: অসমীয়াত লিখিব পৰা সকলো বক্সৰ কাষত বা তলত কীবর্ডৰ এই চিহ্ণটো দিয়া হৈছে৷ এই বক্সৰ ভিতৰত দুই ধৰণে আপুনি অসমীয়াত লিখিব পাৰিব৷

On-screen কীবর্ডৰ যোগেদি

On-screen কীবর্ড ব্যবহাৰ কৰিলে অসমীয়া কীবর্ডৰ সজ্জাটো (keyboard layout) মনত ৰখাৰ প্রয়োজন নহয়। ন শিকাৰুৰ বাবে এই ব্যৱস্হা বিশেষকৈ উপযোগী। খৰকৈ লিখাৰ বাবে এই ব্যৱস্হা বৰ উপযোগী নহয়। সেয়েহে পৰাপক্ষত কীবর্ডৰ সজ্জাটো মনত ৰাখিবলৈ চেষ্টা কৰাটো বাঞ্চণীয়। On-screen কীবর্ড ব্যবহাৰ কৰিবৰ বাবে কীবর্ডৰ চিহ্ণটোত ক্লিক কৰক৷ On-screen কীবর্ডৰ পৰা যিকোনো আখৰ বা যুক্তাক্ষৰ লিখিব পাৰি৷ On-screen কীবর্ডখন বন্ধ কৰাৰ বাবে x বাটনত ক্লিক কৰক৷

কম্পিউটাৰৰ কীবর্ডৰ যোগেদি

কীবর্ডৰ যোগেদি অসমীয়া লিখিবৰ বাবে কীবর্ডৰ সজ্জাটো (keyboard layout) মনত ৰখাটো বাঞ্চণীয়। খৰকৈ লিখাৰ বাবে এই ব্যৱস্হা উপযোগী। প্রথম অৱস্হাত কীবর্ডৰ সজ্জাটোৰ এটা প্রতিলিপি লগত ৰাখিলে সি সহায়ক হ'ব। কীবর্ডৰ সজ্জাটোৰ প্রতিলিপিৰ বাবে ইয়াত ক্লিক কৰক। অসমীয়াত টাইপ কৰিবৰ বাবে প্রথমতে বক্সৰ ভিতৰত ক্লিক কৰক৷

৮| অসমীয়াত লিখাৰ অভ্যাস কেনেকৈ কৰিম?

উত্তৰ: আমি জানো যে আপোনাৰ কম্পিউতাৰত অসমীয়াত লিখাৰ অভ্যাস নাই৷ গতিকে অসমীয়াত টাইপিংৰ অভ্যাস কৰিবৰ বাবে আমি আপোনাৰ বাবে বিশেষ ভাবে এটা পৃষ্ঠা তৈয়াৰ কৰি উলিয়াইছো৷ এই পৃষ্ঠাৰ শেহত কীবর্ডৰ সজ্জাটো (layout) দেখুওৱা হৈছে যাতে সজ্জাটো চাই আপুনি সহজে অসমীয়াত টাইপ কৰিব পাৰে৷ কীবর্ডৰ পৰা যুক্তাক্ষৰ কি দৰে লিখিব পাৰি জানিবৰ বাবে তলত দিয়া প্রশ্নৰ উত্তৰ চাওক৷ অসমীয়া কীবর্ডৰ সজ্জাটো মনত ৰখা আৰু সেইমতে টাইপ কৰাটো প্রথমতে ইমান সহজ নহয়৷ কীবর্ডৰ সজ্জাটো মনত নাথাকিলেও মাউচৰ সহায়ত আপুনি On-screen কীবর্ড ব্যবহাৰ কৰি অসমীয়াত লিখিব পাৰিব৷ অসমীয়াত টাইপিংৰ অভ্যাস কৰিবৰ বাবে ইয়াত  ক্লিক কৰক৷  ইয়াত ক্লিক কৰক৷

৯| যুক্তাক্ষৰ কি দৰে লিখিম?

উত্তৰ:যুক্তাক্ষৰ লিখিবলৈ কীবর্ডৰ ্(d) চিহ্নটো ব্যৱহাৰ কৰক।যুক্তাক্ষৰটো লিখিবৰ বাবে যি কেইটা আখৰ লগ-লাগি যুক্তাক্ষৰটো গঠিত হৈছে সেই কেইটা আখৰৰ মাজত ্ চিহ্নটো টাইপ কৰক। যেনে: ক্ক লিখিবলৈ ক ্ ক টাইপ কৰক। র্ম লিখিবলৈ ৰ ্ ম টাইপ কৰক। গ্র লিখিবলৈ গ ্ ৰ টাইপ কৰক। এইদৰে লিখিবলৈ অসুবিধা হ'লে On-screen কীবর্ডৰ যোগেদি অতি সহজতে যুক্তাক্ষৰ লিখিব পৰা যায়। On Screen কীবর্ডত যুক্তাক্ষৰটো গঠিত আখৰ কেইটাৰ প্রথম আখৰটোত ক্লিক কৰক৷ এতিয়া সাম্ভাব্য যুক্তাক্ষৰবোৰৰ পৰা আপোনাৰ প্রয়োজনীয় যুক্তাক্ষৰটো বাচি লওক।

১০| অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষা একেলগে লিখিব পাৰিমনে?

উত্তৰ: নিশ্চয় পাৰিব৷ অসমীয়াত লিখিব পৰা সকলো বক্সৰ লগত অসমীয়া বা ইংৰাজী ভাষা চিলেক্ট কৰিব পৰা সুবিধা আছে৷

Copyright © 2017 by Eternal Quest. All Rights Reserved.