Eternal Quest

বাতৰি

এলবাম

ভিডিও

জনপ্ৰিয় বিষয়

অন্যান্য

Ekabeka.com হ’ল ইন্টাৰনেটত অসমীয়া ভাষাত বাতৰি উপলব্ধ কৰাৰ  এক সংঘবদ্ধ প্রচেষ্টা য’ত সকলোৱে মুক্তভাৱে বাতৰি প্ৰকাশ কৰিব পাৰিব৷ Ekabeka.comৰ উদ্দেশ্য হৈছে ইন্টাৰনেটৰ যোগেদি অসমীয়া ভাষাত বাতৰি প্রকাশ কৰা যাতে অসমৰ অধিকাংশ লোকে যিকোনো ঠাইৰ পৰা অসমীয়াত বাতৰি পঢ়িব পাৰে আৰু বাতৰি যোগান ধৰি নিজকে এজন দ্বায়িত্বশীল গণসাংবাদিক ৰুপে আত্মপ্রকাশ কৰাব পাৰে৷ বৰ্তমান সময়ত দেখা গৈছে ছপা মাধ্যমত বা ইলেকট্রনিক মাধ্যমত স্হানৰ অভাৱ, সময়ৰ অভাৱ নাইবা TRPৰ মান অক্ষুন্ন ৰখাৰ স্বাৰ্থত বহু প্রয়োজনীয় আৰু অপৰিহাৰ্য্য বাতৰি বাদ পৰি যায়৷ আমাৰ ধাৰণা যে বহু সময়ত নানা কাৰণত কিছুমান বাতৰি গুৰুত্বপূৰ্ণ হোৱা সত্বেও ভিতৰুৱা ঠাইৰ পৰা প্ৰকাশ নাপায়৷ বহু সময়ত বাতৰিৰ বিষয় বস্তু ব্যক্তি বা অনুষ্ঠানৰ দ্বাৰা প্ৰভাৱিত হয়৷ এজন গণসাংবাদিকে এটা স্হানীয় বাতৰিক আন্তঃৰাষ্ট্রীয় পৰ্য্যায়ত দাঙি ধৰিব পাৰে। Ekabeka.comৰ এই প্রচেষ্টাত আপোনালোকৰ সহায়-সহযোগিতা, দিহা-পৰামৰ্শ  নিতান্তই প্রয়োজনীয়৷

সেয়েহে আমি আশা কৰো যে আপুনি ekabeka.comত এজন সদস্য হিচাবে নিজকে পঞ্জীয়ণ(Register) কৰি এজন দ্বায়িত্বশীল গণসাংবাদিকৰুপে কেৱল মানুহক শিক্ষিত কৰা, প্রকৃত তথ্য দিয়া আৰু উৎসাহিত কৰাতে ক্ষান্ত নাথাকি সাধাৰণতে সংবাদ মাধ্যমে সামৰি নোলোৱা বা উপেক্ষা কৰা বিষয়সমূহো জনমানসৰ আগত দাঙি ধৰিব৷ একাবেকা.comত বাতৰি প্ৰকাশ কৰাৰ বাবে মাত্ৰ এটা কম্পুউটাৰ আৰু ইন্টাৰনেট কানেকছনৰ প্ৰয়োজন৷ আমাৰ ৱেবচাইট কি দৰে বাতৰি প্ৰকাশ কৰিব পাৰি জানিবৰ বাবে ইযাত ক্লিক কৰক

আমাৰ আন এক উদ্দেশ্য হৈছে সকলোকে অসমীয়া ভাষাত ইন্টাৰনেটৰ যোগেদি মতামত প্ৰকাশ কৰাৰ সুবিধা দিয়া৷ আমাৰ ৱেবচাইটত প্ৰকাশ পোৱা সকলো বাতৰিৰ ওপৰত যিকোনো ব্যক্তিয়ে মতামত প্ৰকাশ কৰিব পাৰিব৷ ekabeka.comত অতি সহজে অসমীয়া ভাষাত লিখিব পৰা ব্যৱস্হা আছে৷ আমি ভাবো যে এনে মতামত প্ৰকাশৰ জৰিয়তে অসমৰ বিভিন্ন ঠাইৰ লোকৰ মাজত ভাবৰ আদান প্ৰদান হোৱাত সুবিধা হব৷ জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ লগতে অসমীয়া ভাষায়ো ইণ্টাৰনেটত প্রসাৰ লাভ কৰাত সহায়ক হ’ব৷

Ekabeka.com ৰ হৈ




Copyright © 2017 by Eternal Quest. All Rights Reserved.