Eternal Quest

বাতৰি

এলবাম

ভিডিও

জনপ্ৰিয় বিষয়

অন্যান্য

তাৰিখ: 12-May-11 Submitted By ptalukdar2009

সমীক্ষাত কংগ্ৰেছ এইবাৰ শীৰ্ষত

newsPhoto

মাত্ৰ দুদিনৰ পাছতেই নিশ্চিত হব অহা পাচ বছৰলৈ অসমত কোন ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিব৷ ত্ৰয়োদশ বিধান সভা নিবাৰ্চনৰ ফলাফল কি হব তাকে লৈ অব্যাহত আছে চৰম অনিশচয়তা৷ সংবাদ প্ৰতিস্হান ক্ৰমে ফ্ৰণ্টীয়াৰ টিভী, ইণ্ডীয়া টুডে আৰু ষ্টাৰ টিভীয়ে প্ৰকাশ কৰা সাম্ভাব্য ফলাফল মতে কংগ্ৰেছে ৪১ৰ পৰা ৪৫খন, অগপই ৩১ৰ পৰা ৩৫ খন, বি জে পিয়ে ১৪ খনৰ পৰা ১৮ খন আৰু এ আই ইউ দী এফে ১১ৰ পৰা ১৫ খন আসন পাব বুলি সহমত প্ৰকাশ কৰিছে তিনিওটা সমীক্ষাত৷ তাৰ বিপৰীতে টুডেজ চাণক্য আৰু চি এন এন তথা উইকে কৰা সমীক্ষাৰ ফলাফলত ৬৪ৰ পৰা ৭২ খন আসন দখল কৰি কংগ্ৰেছে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি প্ৰকাশ কৰিছে৷ তাৰ বিপৰীতে অ গ পই ১৬ৰ পৰা ২২ খন, বি জে পীয়ে ৭ খনৰ পৰা ১১খন আৰু এ আই ইউ দী এফে ৮ খনৰ পৰা ১৭ খনলৈ আসন দখল কৰিব বুলি কোৱা হৈছে ৷ এই পাচোটা সমীক্ষাৰ পৰা এটা কথা স্পষ্ট যে আসন সংখ্যাৰ দিশৰ পৰা কংগ্ৰেছ এইবাৰ শীৰ্ষত ৷

picturepictureVote UppictureVote Down

Copyright © 2017 by Eternal Quest. All Rights Reserved.