Eternal Quest

বাতৰি

এলবাম

ভিডিও

জনপ্ৰিয় বিষয়

অন্যান্য

তাৰিখ: 17-Jan-12 Submitted By ptalukdar2009

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা

জ্যোতিপ্ৰসাদ আগৰৱালা (১৭ জুন, ১৯০৩ -১৭ জানুৱাৰী, ১৯৫১) একেধাৰে গীতিকাৰ, নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা৷ অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰৱন্ধ, সমালোচনা, শিশুসাহিত্য, আদি সকলা দিশতে তেখেতে বৰঙণি আগবঢ়াই গৈছে৷ অসমীয়া সংস্কৃতিলৈ তেখেতৰ অৱদানৰ বাবে তেখেতক "ৰূপকোঁৱৰ" বুলি কোৱা হয় । ১৯৩৫ চনত তেখেতে প্ৰথম অসমীয়া চলচ্চিত্ৰ "জয়মতী" নিৰ্মাণ কৰে । তেখেতৰ মৃত্যু তিথি ১৭ জানুৱাৰীক "শিল্পী দিৱস" ৰূপে পালন কৰা হয় ।

১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড় জিলাৰ মদাৰখাত মৌজাৰ তামোলবাৰী চাহ বাগিছাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয় ৷ তেখেতৰ পিতৃ আছিল পৰমানন্দ আগৰৱালা আৰু মাক আছিল কিৰণময়ী আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা সম্বন্ধত আছিল তেখেতৰ খুড়া । তেখেতৰ পূৰ্বপুৰুষ নবৰংগৰাম আগৰৱালা ১৮১১ চনত ৰাজস্থানৰ মাৰৱাৰ অঞ্চলৰ পৰা অসমলৈ আহিছিল।

অসম আৰু কলিকতাৰ বিভিন্ন বিদ্যালয়ত শিক্ষা লাভ কৰাৰ পিছত ১৯২১ চনত দ্বিতীয় বিভাগত মেট্ৰিকুলেচনত ঊত্তীৰ্ণ হয় আৰু কলিকতাৰ নেচনেল কলেজৰ পৰা আই.এ. দ্বিতীয় বৰ্ষৰ পঢ়া সাং কৰে । তাৰপিছত ১৯২৬ চনত জ্যোতিপ্ৰসাদে অৰ্থনীতিত উচ্চ শিক্ষাৰ বাবে এডিনবাৰ্গলৈ যায় কিন্তু পঢ়া শেষ নকৰাকৈয়ে ১৯৩০ চনত উভতি আহে । ঘূৰি অহাৰ পথত জাৰ্মানীত তেখেতে সাত মাহৰ বাবে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণো লয় ।

ঘৰলৈ আহি তেখেতে পুনৰ ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰে আৰু ১৯৩২ চনত ১৫ মাহৰ বাবে কাৰাবাস খাটে । শিলচৰ জেইলত টাইফইড ৰোগত ভুগা সত্বেও তেখেতে কৰাবাস সম্পূৰ্ণ কৰে । ১৯৩৩ চনৰ শেষৰফালে তেখেতে ভোলাগুৰি চাহ বাগিছাত চিত্ৰবন ষ্টুডিঅ' স্থাপন কৰি প্ৰথম অসমীয়া বোলছবি "জয়মতী"ৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰে । লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনীৰ ওপৰত আধাৰিত এই ছবিখনে ১৯৩৫ চনত মুক্তি লাভ কৰে । ১৯৩৬ চনত দেৱযানী ভূঞাৰ লগত তেখেতৰ বিবাহ সম্পন্ন হয় । জয়মতীৰ পৰা হোৱা ব্যৱসায়িক লোকচানৰ জোৰা মাৰিবলৈ তেখেতে ১৯৩৯ চনত দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ "ইন্দ্ৰমালতী নিৰ্মাণ কৰে । ১৯৪১ চনৰ পৰা জ্যোতিপ্ৰসাদ পুনৰ স্বাধীনতা আন্দোলনৰ লগত জড়িত হৈ পাৰে ।

১৯৫১ চনৰ ১৭ জানুৱাৰীত তেজপুৰৰ পকীত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্কট ৰোগত মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৪৮ বছৰ। জ্যোতিপ্ৰসাদে প্ৰায় ৩০০ মান গীত ৰচনা কৰি নিজে সুৰ দিছিল । সেইবোৰক "জ্যোতি সংগীত" বুলি কোৱা হয়।

নাটক
  • শোণিত কুঁৱৰী
  • কাৰেঙৰ লিগিৰী
  • লভিতা
  • ৰূপালীম
  • নিমাতী কইনা
  • সোণ পখিলী
  • খনিকৰ
  • কনকলতা
  • সুন্দৰকোঁৱৰ
চলচিত্ৰ

জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি অভিহিত কৰা হয় । তেখেতে একক প্ৰচেষ্টাৰে প্ৰথম আৰু দ্বিতীয়খন অসমীয়া বোলছবি নিৰ্মাণ কৰিছিল।

  • জয়মতী (১৯৩৫)
  • ইন্দ্ৰমালতী (১৯৩৯)
  • কবিতা [সম্পাদনা]
  • লুইতৰ পাৰৰ অগ্নিসুৰ
  • জ্যোতি ৰামায়ণ
  • অন্যান্য গ্ৰন্থ[সম্পাদনা]
  • জ্যোতিধাৰা
  • চন্দ্ৰকুমাৰ আগৰৱালা
  • Background of Assamese Architecture
  • শিশুসাহিত্য

তেখেতে তেৰটামান শিশু উপযোগী কবিতা লিখি থৈ গৈছে ।

উপন্যাস [সম্পাদনা]
  • আমাৰ গাঁও ।
গল্প [সম্পাদনা]
  • ৰূপহী
  • বগীতৰা
  • সোণতৰা
  • সোণটিৰ অভিমান
  • যুঁজাৰু
  • সতীৰ সোঁৱৰণি
  • সন্ধ্যা
  • শিলাকুট
  • নীলাচৰাই
picturepictureVote UppictureVote Down

Copyright © 2017 by Eternal Quest. All Rights Reserved.