Eternal Quest

বাতৰি

এলবাম

ভিডিও

জনপ্ৰিয় বিষয়

অন্যান্য

তাৰিখ: 17-Sep-11 Submitted By Rupam Haloi

গণিতচ’ৰা

বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ। এই প্ৰযুক্তিবিদ্যাৰ যুগত মানুহে কৰিম বুলি ভাবিলে কৰিব নোৱাৰা একো নাই। তাৰ বাবে মাথো লাগে আগ্ৰহ, ধৈৰ্য্যশক্তি, সাহস আৰু একাগ্ৰতা। আগ্ৰহ, ধৈৰ্য্যশক্তি, সাহসেৰে সৈতে একেলগে আগবাঢ়ি গ’লে যে মানুহে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে তাকেই প্ৰমাণ কৰি দেখুৱাইছে তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিজ্ঞান বিভাগৰ দুই ছাত্ৰ ক্ৰমে পংকজ জ্যোতি মহন্ত আৰু মঞ্জীল প্ৰতিম শইকীয়াই। আজিৰ পৰা কেইমাহমানৰ আগতে বিশ্ববিদ্যালয়খনৰ উক্ত বিভাগটোৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰ পংকজ জ্যোতি মহন্তই তেওঁৰ সতীৰ্থসকলৰ সৈতে আলোচনা কৰি ঠিক কৰিলে যে তেওঁলোকে বিভাগটোৰ পৰা গণিত আৰু বিজ্ঞান শিক্ষা সম্পৰ্কীয় খবৰ, গৱেষণাৰ লগত জড়িত বৌদ্ধিক আনন্দ আদিৰ প্ৰতি ছাত্ৰ-ছাত্ৰীক আকৰ্ষিত কৰাৰ উদ্দেশ্যে “গণিতচ’ৰা” নামৰ এখন দ্বি-ভাষিক (অসমীয়া আৰু ইংৰাজী) আলোচনী প্ৰকাশ কৰি উলিয়াব। এই সংক্ৰান্তত তেওঁ গণিত বিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰীসকল, বিভাগটোৰ শিক্ষকসকলৰ উপৰিও বিশ্ববিদ্যালয়খনৰে আনকেইটামান বিভাগৰ কেইবাজনো শিক্ষক আৰু অসমৰ বহুকেইজন গণিতজ্ঞ তথা বিশিষ্ট ব্যক্তিৰ পৰামৰ্শও গ্ৰহণ কৰে। এইক্ষেত্ৰত সকলোৱে তেওঁক সহায় সহযোগ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। তাৰ পাছত তেওঁ আলোচনীখন প্ৰকাশৰ বাবে যাৱতীয় কামবোৰ কৰাৰ দিশত অগ্ৰসৰ হয়। এইখিনি সময়ৰ ভিতৰতে প্ৰৱন্ধ-পাতিবোৰ সংগ্ৰহ আৰু প্ৰস্তুত কৰা হয়। কিন্তু এইখিনিতে তেওঁ বিত্তীয় দিশটোৰ লগতে আন দুটামান দিশত যঠেষ্ট সমস্যাৰ সন্মুখীন হয়। ফলত আলোচনীখন প্ৰকাশৰ পথত অনিশ্চয়তাই দেখা দিয়ে। কিন্তু পংকজ জ্যোতি নাচোৰবান্দা। আলোচনীখন এবাৰ প্ৰকাশ কৰি উলিয়াম বুলি তেওঁ ভাবিছে যেতিয়া যেনেকেই নহওঁক উলিয়াবই। ইয়াকেই কয় মনৰ দৃঢ়তা। তাৰ পাছত আলোচনীখন প্ৰকাশৰ ক্ষেত্ৰত যেতিয়া তেওঁ আশংকা অধিক ঘণীভূত হোৱা দেখা পালে, তেতিয়া তেওঁ অন্য উপায়ৰ কথা চিন্তা কৰিবলৈ বাধ্য হয়। তেতিয়াই, পূৰ্বৰে পৰা তেওঁক বিভিন্ন ক্ষেত্ৰত সহায় কৰি অহা বিশ্ববিদ্যালয়খনৰ একেটা বিভাগৰে সংযুক্ত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰ মঞ্জীল প্ৰতিম শইকীয়াৰ লগত পুনৰ আলোচনাত বহি একেটা নামেৰে অৰ্থাৎ “গণিতচ’ৰা” নামেৰেই এখন ৱেব আলোচনী(web magazine) উলিওৱাৰ সিদ্ধান্ত লয়। এইবাৰ তেওঁলোকে কোনোধৰণৰ বাধা বিঘিনিৰ সন্মুখীন নোহোৱাকৈ আলোচনীখন প্ৰকাশ কৰি উলিয়াবলৈ সক্ষম হয়। ফলস্বৰূপে দুয়োজনৰে যুটীয়া প্ৰচেষ্টাত যোৱা ২১ এপ্ৰিল তাৰিখে আনুষ্ঠানিকভাৱে www.gonitsora.com ৱেবছাইটটো মুকলি কৰা হয়। এয়াই ধৈৰ্য্যশক্তিৰ পৰিচয়। ইমান কঠিন সমস্যাৰ সন্মুখীন হৈয়ো ভাগি নপৰি বৰং দুগুণ উৎসাহেৰে আগবঢ়াৰ ফলত আজি আমি অসম তথা উত্তৰ-পূ্ৰ্বাঞ্চলেই নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতেই সৰ্বপ্ৰথম সম্পূৰ্ণ এশ শতাংশ গণিত তথা বিজ্ঞান বিষয়ক ৱেবছাইট এটা লাভ কৰিবলৈ সক্ষম হৈছোঁ। কিন্তু পৰিতাপৰ কথা এয়ে যে আমাৰ অসম মুলুকত ভাল কামৰ প্ৰচাৰ কেতিয়াও নহয়। যিখন আলোচনীৰ তথ্যই ইতিমধ্যে কেইবাটাও ৱেবছাইটত “reference” লাভ কৰিবলৈ সক্ষম হৈছে, প্ৰচাৰৰ অভাৱত তেনে এখন আলোচনীৰ বিষয়ে সমগ্ৰ অসমবাসীয়েই ভালদৰে নাজানে (অৱশ্যে ইণ্টাৰনেট ব্যৱহাৰকাৰী সকলৰ কিছুসংখ্যকে জানে)। গতিকে ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্যে তাৰ প্ৰচাৰৰ দায়িত্বও আমি যুৱপ্ৰজন্মই নিজে ল’ব লাগিব। এইখিনিতে এটা সুখৰ বিষয় যে আজি কেইদিনমানৰ পৰা ৱেবছাইটটোৰ দৰ্শনাৰ্থীৰ সংখ্যা যথেষ্ট হাৰত বাঢ়িবলৈ লোৱা বুলি জানিব পৰা গৈছে। এনেধৰণৰ কথা “গণিতচ’ৰা”ৰ বাবে যথেষ্ট উৎসাহৰ বিষয়। ইয়াৰ উপৰিও এনেধৰণৰ বাতৰি পাই থাকিলে মঞ্জীল প্ৰতিম শইকীয়া আৰু পংকজ জ্যোতি মহন্তৰ একান্ত প্ৰচেষ্টা সাৰ্থক হোৱা যেন অনুভৱ হয়। এইখিনিতে এটি অতিপ্ৰয়োজনীয় কথা জনাই থোৱা ভাল হ’ব যে কোনো আগ্ৰহী ছাত্ৰ-ছাত্ৰী অথবা আন কোনো ইচ্ছুক লোকে বিজ্ঞান তথা গণিত বিষয়ক যিকোনো প্ৰবন্ধ ৱেব আলোচনীখনৰ বাবে লিখিব পাৰে আৰু প্ৰকাশৰ বাবে সম্পাদকৰ ঠিকনালৈ ডাকযোগে অথবা ই-মেইল যোগে প্ৰেৰণ কৰিব পাৰে। আলোচনীখনৰ সম্পাদকৰ ঠিকনা বা আন যিকোনো বিষয়ে সবিশেষ ৱেবছাইটটোতে পোৱা যাব। সদৌশেষত এজন গণিতপ্ৰেমী হিচাপে সমগ্ৰ অসমবাসীৰ ওচৰত মোৰ আন্তৰিক আহ্বান- আহক আমি প্ৰতিজন গণিতপ্ৰেমী ৰাইজে “গণিতচ’ৰা” ৱেবছাইটটো যদি সম্ভৱ প্ৰতিদিনে দৰ্শন কৰি এই অসাধাৰণ ছাত্ৰদুজনৰ একান্ত প্ৰচেষ্টাক কাৰ্যক্ষম কৰি তোলো আৰু অনাগত দিনবোৰত এনেধৰণৰ আৰু বহুতো কাম কৰি যাবলৈ তেওঁলোকক সাহস আৰু প্ৰেৰণা যোগাওঁ। ৰূপম হালৈ পঞ্চম ষান্মাসিক, সংযুক্ত স্নাতকোত্তৰ, গণিতবিজ্ঞান বিভাগ, তেজপুৰ বিশ্ববিদ্যালয়,নপাম, তেজপুৰ-৭৮৪০২৮,অসম লেখকৰ ফোন নং- +919706726087 ই-মেইল- rupam_msi09@agnee.tezu.ernet.in rupam.haloi15@gmail.com
picturepictureVote UppictureVote Down

সুন্দৰ লেখা..!

অভিনন্দন থাকিল

Copyright © 2017 by Eternal Quest. All Rights Reserved.