Eternal Quest

বাতৰি

এলবাম

ভিডিও

জনপ্ৰিয় বিষয়

অন্যান্য

তাৰিখ: 06-Jun-11 Submitted By Rajib Dutta rkd2002-Photo

৫জুনত বিশ্ব পৰিবেশ দিৱস অনুষ্ঠিত হৈ গ'ল

newsPhoto ৫জুনত বিশ্ব পৰিবেশ দিৱস অনুষ্ঠিত হৈ যায়। বৰ্তমান সময়ত সমগ্র বিশ্বতে পৰিবেশৰ প্রতি সচেতনতা বৃদ্ধি পাইছে। মানুহে বুজি উঠিছে যে পৃথিৱীয়েই আমাৰ একমাত্র বাসস্হান আৰু ইয়াৰ সম্পদ সীমাহীন নহয়। মানৱ জাতিয়ে ইতিমধ্যে পৃথিৱীৰ পৰিবেশ দুষিত কৰাত যিদৰে বিশেষ ভূমিকা পালন কৰিছে, ঠিক তেনেদৰে সুস্হ পৰিবেশৰ বাবে বিশেষভূমিকা পালন কৰিবলৈ সংকল্পবদ্ধ হৈছে। বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি অসমতো চৰকাৰী-বেচৰকাৰী বভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে বিভিন্ন কাৰ্য্যসূচী পালন কৰে আৰু পাচদিনা বিভিন্ন বাতৰি কাকতত উক্ত অনুষ্ঠানবোৰৰ ফটোসহ বাতৰি প্রকাশ পায়। প্রায়বোৰ বাতৰিতে গছপুলি ৰোপণ আৰু বিতৰণৰ দৃশ্য দেখা পোৱা যায়।পিছে এই গছপুলিবোৰ ডাঙৰ-দীঘল হোৱা আৰু দেখা নাযায়।আগৰ বছৰৰ বিশ্ব পৰিবেশ দিৱসত ৰোৱা ঠাইতে পাছৰ বছৰো গছ পুলি ৰোৱা হয়। মাত্র বছৰত এদিন কেৱল গছৰোপণ কৰি সুস্হ পৰিবেশৰ কামনা কৰা অনুষ্ঠান-প্রতিষ্ঠানবোৰে বছৰি মাত্র ১০টা গছপুলি লালন পালন কৰিব নোৱাৰেনে?
picturepictureVote UppictureVote Down

Copyright © 2017 by Eternal Quest. All Rights Reserved.