Eternal Quest

বাতৰি

এলবাম

ভিডিও

জনপ্ৰিয় বিষয়

অন্যান্য

তাৰিখ: 05-Jun-11 Submitted By Rajib Dutta rkd2002-Photo

দিল্লীত স্বামী ৰামদেৱৰ দেশব্যাপী অনশণত বাধা, হৰিদ্বাৰত অনশণ অব্যাহত

newsPhoto

৪জুন,২০১১ তাৰিখে পূৱা স্বামী ৰামদেৱৰ দেশব্যাপী অনশণৰ আৰম্ভ হয়। দুনীৰ্তি বিৰোধী আৰু বিদেশত থকা কোটি কোটি কলাধন ভাৰতলৈ ঘূৰাই অনাৰ ব্যৱস্হা কৰাৰ বাবে এই অনশণৰ কাৰ্য্যসূচী আয়োজন কৰা হৈছিল।দিল্লীৰ ৰামলীলা মৈদানত অনুষ্ঠিত ৰামদেৱৰ এই অনশনত হাজাৰ হাজাৰ লোকে অংশ গ্রহণ কৰাৰ সময়তে দেশৰ আন আন অংশটো অনশণৰ ব্যাপক কাৰ্য্যসূচী অনুষ্ঠিত হয়।এই অনশণৰ দাবী সমূহ হ’ল-

  • বিদেশৰ বেংকত থকা কলাধন ভাৰতলৈ ঘূৰাই অনাৰ ব্যৱস্হা কৰা।
  • দুনীৰ্তিত লিপ্তথকাসকলক মৃত্যুদন্ডৰ দৰে ভয়ানক শাস্তি, সম্পতি বাজেয়াপ্ত কৰণৰ ব্যৱস্হা কৰা।
  • হাজাৰ আৰু পাচশটকীয়া নোটৰ প্রচলন বন্ধ কৰা।
  • বিভিন্ন বিশ্ববিদ্যালয়ত ভাৰতীয় ভাষাত কাৰিকৰী শিক্ষা প্রচলন কৰা।
  • চৰকাৰী কাৰ্য্যলয়ৰ কাম কাজ সৰ্ম্পন কৰাৰ সময়সীমাৰ নিদ্ধাৰণ কৰা।

বিয়লি প্রায় ৭-৩০ বজাত কেন্দ্রীয় মন্ত্রী কপিল শ্বিৱালে আনুষ্ঠানিকভাবে ৰামদেৱৰ দাবী সমূহ চৰকাৰে মানি লোৱাৰ কথা ঘোষণা কৰে। এই ঘোষণাৰ পাছতে ৰামদেৱে কয় যে চৰকাৰৰ ঘোষণাৰ লিখিত প্রতিশ্রুতি পালেই অনশণ সমাপ্ত কৰিব। কিন্তু এইসময়তে পৰিস্হিতিয়ে আনফালে ঢাল খালে। কেন্দ্রীয় মন্ত্রী কপিল শ্বিৱালে সংবাদমেলত কয় যে স্বামী ৰামদেৱে চৰকাৰৰ এই ঘোষণাৰ কথা আগদিনাই জানিছিল আৰু ৪জুন,২০১১ তাৰিখে ৪ বজাৰ পাছত অনশন সমাপ্ত কৰাৰ লিখিত প্রতিশ্রুতি আগতীয়াকৈ দি ৰাখিছিল। সংবাদমেলতে কপিল শ্বিৱালে ৰামদেৱৰ হৈ লিখিত এখন পত্রও ৰাজহুৱা কৰে। ইয়াৰ পাছতে চৰকাৰক বিশ্বাসঘাতকৰ আখ্যা দি স্বামী ৰামদেৱে অনশণ জাৰি ৰখাৰ সিদ্ধান্ত গ্রহণ কৰে।

নিশা প্রায় ১০ বজাত চৰকাৰে ঘোষণাৰ লিখিত প্রতিশ্রুতি ৰামদেৱলৈ প্রেৰণ কৰে। মাজৰাতি প্রায় ১ বজাত দিল্লী আৰক্ষীয়ে সু-সজ্জিত হৈ ৰামলীলা মৈদানৰ অনশণস্হলীত প্রবেশ কৰে। সেই সময়ত প্রায় ২৫০০০ অনশণকাৰীৰ বেছিভাগেই নিদ্রামগ্ন হৈ অছিল। আৰক্ষীয়ে বল প্রয়োগ, লাঠী- চালনা, কন্দুৱা গেছেৰ দুইঘণ্টা তান্ডৱ চলাই ৰামদেৱক আটক কৰি লৈ যায়। স্বামী ৰামদেৱক বিমানযোগে ডেৰাডুনলৈ লৈ যোৱা হয় আৰু ডেৰাডুনৰ পৰা স্থলপথেৰে হৰিদ্বাৰৰ পতঞ্জলি যোগপীঠলৈ লৈ যোৱা হয়। দিল্লী আৰক্ষীয়ে স্বামী ৰামদেৱক পুনৰ নিৰ্দ্দেশ নিদিয়া পয্যন্ত দিল্লীত প্রৱেশ নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।

__________________________________________________________

সম্পকীয় বাতৰি: ৮ জুনৰ পৰা পুনৰ অনশণত বহিব আন্না হাজোৰে

picturepictureVote UppictureVote Down

Copyright © 2017 by Eternal Quest. All Rights Reserved.