যোৱা ৩০ এপ্রিল,২০১১ তাৰিখে টাৱাংৰপৰা ইটানগৰলৈ হেলিকপ্টাৰেৰে গৈ থাকোতে অৰুণাচলৰ মুখ্যমন্ত্রী দৰ্জী খান্ডুসহ পাচ আৰোহী আকাশমাৰ্গৰ পৰা অৰ্ন্তধ্যান হয়। অৰ্ন্তধ্যানৰ চাৰিদিনৰ পাছত স্হানীয় গাওঁবাসীৰ নিজা প্রচেষ্টাত টাৱাংৰ কেইলা আৰু লবাঙৰ মাজৰ পাহাৰত উক্ত হেলিকপ্টাৰখনৰ ধ্বংসাৱশেষৰ লগতে মুখ্যমন্ত্রী দৰ্জী খান্ডুসহ পাচ আৰোহীৰ মৃতদেহ উদ্ধাৰ কৰে।মুখ্যমন্ত্রীৰ দৰে এক উচ্চপদস্হ ব্যক্তিৰ চাৰিদিন ধৰি কোনো সুংসূত্র উলিয়াব নোৱাৰাত অৰুণাচলবাসীৰ লগতে দেশৰ আন আন অঞ্চলটো আমাৰ প্রযুক্তিগত সক্ষমতাৰ বিষয়ে প্রশ্ন উত্থাপিত হৈছে।
আমাৰ প্রযুক্তি ইমানেই অক্ষম নেকি যে এখন হেলিকপ্টাৰ চাৰিদিনে বিচাৰি উলিয়াব নোৱাৰিলে। ভাৰতীয় মহাকাশ গৱেষণা সংস্হাৰ কৃটিম উপগ্রহৰ পৰা পোৱা তথ্যৰ ভিত্তিত যি স্হানত হেলিকপ্টাৰখন আছে বুলি ভবা হৈছিল তাৰপৰা বহুদূৰ আৰু বিপৰীত দিশতহে হেলিকপ্টাৰখন উদ্ধাৰ হয়। আনহাতে ছুখই বিমানৰ জৰিয়তে দিয়া তথ্যও ভূল বুলি প্রমাণিত হয়।এইটোও ঠিক যে অৰুণাচল ৰাজ্যৰ ভিতৰুৱা অঞ্চলসমূহ অতি দুৰ্গম আৰু পাহাৰেৰে আবৃত্ত। এনে দুৰ্গম অঞ্চলত উদ্ধাৰ অভিযান চলোৱাটো যথেষ্ঠ টান আৰু কষ্টকৰ। আনহাতে এনে দুৰ্গম অঞ্চলত আকাশ মাৰ্গেৰে তথা স্হলেৰেও উদ্ধাৰ অভিযান চলোৱাত বতৰে যথেষ্ঠ বিধি পথালি দিয়ে।
কৃটিম উপগ্রহ, উন্নত বিমান, প্রায় ৩০০০ সৈনিকৰ অভিযানক ব্যৰ্থ কৰি স্হানীয় গাওঁবাসীৰ নিজা প্রচেষ্টাত টাৱাংৰ কেইলা আৰু লবাঙৰ মাজৰ পাহাৰত উক্ত হেলিকপ্টাৰখনৰ ধ্বংসাৱশেষৰ লগতে মুখ্যমন্ত্রী দৰ্জী খান্ডুসহ পাচ আৰোহীৰ মৃতদেহ উদ্ধাৰ কৰে। এই ক্ষেত্রত প্রযুক্তিগত সাফল্যৰ বিষয়ে এইবাবেই প্রশ্ন উত্থাপিত হৈছে যে অৰুণাচল হৈছে দেশৰ সীমামূৰীয়া ৰাজ্য ।লগতে চীন আৰু ভাৰতবৰ্ষৰ ই এক বিবাদমান অঞ্চলত অৱস্হিত। এই সীমামূৰীয়া ৰাজ্যখনক চুবুৰীয়া ৰাষ্ট্রই আগ্রাসন কৰিলে,তাৰ লগত মোকাবিলা কৰিবলৈ আমি কিমান সক্ষম?