Eternal Quest

বাতৰি

এলবাম

ভিডিও

জনপ্ৰিয় বিষয়

অন্যান্য

তাৰিখ: 22-May-11 Submitted By Madhab Saikia

একবিংশ শতিকাত হেত্ৰিক কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ

newsPhoto অসমত প্ৰথম বাৰৰ বাবে হেত্ৰিক কৰিবলৈ সক্ষম হোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰ “ৰামধেনু” ক যোৱা ৪-০২-২০১১ তাৰিখ শুক্ৰবাৰে অসমৰ প্ৰায় ৩৫টা চিত্ৰগৃহত একেলগে মুক্তি দিয়া হয় । মই প্ৰথমতে বিশেষ মনোযোগ দিয়া নাছিলো যদিও আগৰ পৰা সামান্য পৰিমাণে ভাবি আছিলো ৰামধেনু চাম বুলি । আগৰ পৰাই শুনি আছিলো যে ৰামধেনু ধুনীয়া হৈছে । মই আৰু অমৰ(মোৰ বন্ধু)দুয়ো ঠিক কৰিছিলো এদিন একেলগে ৰামধেনু চাম । কিন্তু মই ঘৰত থকা অৱস্থাতে অন্য এজন বন্ধুৰ লগত অমৰে ৰামধেনু চাব গল । আৰু সিহঁতে মোক কলে যদি ৰামধেনু নাচাওঁ তেন্তে বহুত কিবা হেৰুৱাবি । মই বিশেষ ধৰনে আকৰ্ষিত হৈছিলো আৰু মই গুৱাহাটী অহাৰ দিনাই নুনমাটিত থকা বন্দনা চিনেমা হলত ৰামধেনু চাব গলো । লগত কোনো নাছিল, মই অকলে গৈছিলো কিয়নো কাকো লগ কৰিবলৈ সময় নাছিল । আৰু আৰম্ভণিৰে পৰা বিশেষ আগ্ৰহেৰে ৰামধেনু উপভোগ কৰিলো । সম্পূৰ্ণ ৩ ঘন্টা ধৰি চলা প্ৰথম অসমীয়া চলচ্চিত্ৰ য’ত তিনিও ঘন্টাই আছিল অক্লান্ত মনোৰঞ্জন । তাৰ লগতে অসমীয়া চলচ্চিত্ৰ জগতৰ মৃত-প্ৰায় অৱস্থাৰ সামান্য উন্নতিয়ে ইয়াকে সুঁৱৰাই যে আশাৰ কোনো শেষ নাই । আমি অসমীয়া চলচ্চিত্ৰ জগততো বিশেষ আগবঢ়াব পাৰো । ৰামধেনুৰ বিষয়ে..... বেনাৰ: PRIDE EAST ENTERTAINMENT PVT. LTD. প্ৰযোজক: rang আৰু PRIDE EAST ENTERTAINMENT PVT. LTD. পৰিচালক: মুনিণ বৰুৱা সংগীত পৰিচালক: যতিন শৰ্মা কন্ঠ: জুবিন গাৰ্গ, অংগৰাগ মহন্ত, সোনিধি চৌহান, শ্বেয়া ঘোচাল, দিক্ষু, ৰাজ, জুবলী আদি । আৰম্ভণি: যতিন বৰা, উৎপল দাস, নিশিতা গোস্বামী, প্ৰস্তুতি পৰাশ আদি ।
picturepictureVote UppictureVote Down

Copyright © 2017 by Eternal Quest. All Rights Reserved.