Eternal Quest

বাতৰি

এলবাম

ভিডিও

জনপ্ৰিয় বিষয়

অন্যান্য

তাৰিখ: 10-Apr-11 Submitted By Indra K Dutta

দুৰ্নীতি আৰু ২০১১ চনৰ অসমৰ বিধানসভাৰ নিৰ্বাচন

অসমত ইংৰাজী 8 আৰু ১১ এপ্ৰিল,২০১১ তাৰিখে বিধানসভাৰ নিৰ্বাচন অনুস্থিত কৰা হৈছে ৷শাসক, বিৰোধী, দলীয়, নিৰ্দলীয় সকলোৱে নিজ নিজ প্রচাৰেৰে ভোটাৰৰ মন জয় কৰাত আপ্রাণ চেষ্টা চলাইছে ।কোনো ভোটাৰে বিবেকেৰে, কোনো ভোটাৰে আবেগেৰে, কোনো ভোটাৰে প্রলোভিত হৈ ভোটদান কৰিব ।এইবাৰ নিৰ্বাচনৰ উল্লেখযোগ্য দিশটো হ’ল প্রায় প্ৰতিটো দলেই, প্ৰতিজন প্ৰাৰ্থীয়েই দুৰ্নীতিক এটা মূল ইছু হিচাবে লোৱাটো। প্রায় প্ৰতিটো দলেই দুৰ্নীতিমুক্ত অসমৰ কথা কোৱা শুনি ৰাইজে নুবুজাকৈ থকা নাই যে কেৱল নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈকে ৰাজনৈতিক দল সমূহে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিছে।অতদিনে হাত সাৱটি বহি থাকি দুৰ্নীতিকে মূল ইছু হিচাবেলৈ নিৰ্বাচনত নমাটোৱেই অসমত বিৰোধী দলৰ এটা ডাঙৰ দুৰ্নীতি। আনহাতে হাজাৰ কোটি টকাৰ কেলেংকাৰীৰ পাচটো ওভোতাই দুৰ্নীতি প্রমাণ কৰিবলৈ কোৱাতোত্ত শাসকপক্ষৰ কম দুৰ্নীতি নহয়।আকৌ কৃষক নেতা অখিল গগৈৰ মাথো বাচি বাচি কেৱল মাত্র দুই এজন মণ্ত্র্রী- বিধায়কক দুৰ্নীতিপৰায়ণ বুলি কৰা অভিযোগও আন এক ধৰণৰ দুৰ্নীতিয়েই।

পিছে বহুতে ভবাৰ দৰে মন্ত্রী-বিধায়ক, চৰকাৰী ডা-ডাঙৰীয়া, বিভিন্ন জাতীয় সংগঠনৰ দুৰ্নীতি দেখি-শুনি সৰ্বসাধাৰণ লোক যে ভাগি পৰিছে, তেনে নহয়। ৰাইজো পিচ পৰি থকা নাই।তেনেই সামান্য এটা অংশক বাদ দি বাকী সকলে দুৰ্নীতিৰ বোৱতী নদীত হাত তিয়াইছে।কৰ্মচাৰী সময়মতে কাৰ্যালয়লৈ নাযায়, শিক্ষকে ভালদৰে পাঠদান নকৰে, টকাৰ অবিহনে ফাইল নলৰে, বিল পাছ নহয়। বৰ্তমান প্রায় সকলো কাৰ্যালয়তে দুৰ্নীতিপৰায়ণ বিষয়া-কৰ্মচাৰীৰ অভাৱ নাই। দুৰ্নীতিৰ লগত সহবাস কৰিবলৈ সকলোৱে শিকি লৈছে।সেয়েহে ২০১১ চনৰ অসমৰ বিধানসভাৰ নিৰ্বাচনত দুৰ্নীতিক এটা মূল ইছু হিচাবে লোৱাৰ পাছতো ৰাইজে যদি কেৱল বিবেক ভোটহে দিয়ে তথাপিও এখন নিকা চৰকাৰ গঠন হোৱাৰ সম্ভাৱণা তেনেই খীণ।লাগিলে সেয়া যি দলৰেই চৰকাৰ নহওক কিয়?

সেয়েহে দুৰ্নীতিৰ বিৰুদ্ধে যুজ দিবলৈ কেৱল ভোট দিয়াটোৱেই যথেষ্ঠ নহয়।

picturepictureVote UppictureVote Down

বিধায়ক আৰু মন্ত্রীসকলৰ প্রতি

ত্রয়োদশ অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ১৩মে’ৰ তাৰিখে ঘোষণা কৰিব।তাৰ পিছত অসমত এখন নতুন চৰকাৰ গঠন হ’ব। সেইদৰে সকলো ঠিকে ঠাকে থাকিলে আকৌ পাঁচ বছৰৰ পিছত নিৰ্বাচন হৈ এখন বেলেগ চৰকাৰ গঠন হ’ব। এইদৰে চলি থাকিব ।এতিয়া কথা হ’ল নিৰ্বাচনৰ দিন ওচৰ চাপি অহা লগে লগে অভিযোগ উপস্থাপন হয় যে বেছিভাগ বিধায়কে নিজৰ নিজৰ সমষ্টি উন্নয়ণৰ কাৰণে কাম নকৰিলে ,আনকি বহু সংখ্যক বিধায়কৰ নিজা সমষ্টিৰ উন্নয়নমূলক কাম কৰিবলে থকা পুঁজিৰ বৃহৎ পৰিমাণ ব্যয় নোহোৱাকৈ থাকিল । এই পত্রৰ জৰিয়তে অসমৰ বিধায়কসকলক এটা অনুৰোধ কৰিব বিছাৰিছোঁ যে সকলো বিধায়কে নিজ নিজ সমষ্টিৰ বিভিন্ন অঞ্চলত প্রতি মাহত অতি কমেও একোখনকৈ ৰাজহুৱা সভা আহ্বান কৰি অঞ্চলৰ ৰাইজৰ লগত সেই অঞ্চলবোৰ অভাব-অভিযোগবোৰ গ্রহণ কৰিব লাগে আৰু সমষ্টিৰ উন্নয়নৰ কাৰণে গ্রহণ কৰা বিভিন্ন চৰকাৰী আঁচনিবোৰৰ লগতে বিধায়কৰ পুঁজিৰ দ্বাৰা ৰূপায়ন কৰিব লোৱা আঁচনিবোৰৰও বিশদ বিৱৰণ দাঙি ধৰাৰ লগতে আঁচনিবোৰ ৰূপায়ন কৰিবলে কিমান সময় ধার্য্য কৰা হয় জনাব লাগে । এই ৰাজহু সভাবোৰত চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপষ্ঠিতিও বাধ্যতামূলক কৰিব লাগে যাতে ৰাইজে গম পায় কোন কোন বিষয়া কি কি আঁচনি প্রয়োগৰ লগত জড়িত ৷ বিধায়ক সকলৰ নিচিনাকৈ বিভিন্ন বিভাগৰ মন্ত্রীসকলেও সমষ্টি ভিত্তি নহ’লেও জিলা ভিত্তিক মাহেকত অতি কমেও এখনকৈ ৰাজহুৱা সভা আহ্বান কৰিব লাগে ।এই ৰাজহুৱা সভাসমূৰ জৰিয়তে আলোচনা কৰি বিভিন্ন বিভাগৰ নতুন আঁচনি গ্রহণৰ সিদ্ধান্ত ল’ব লাগে।এই খিনিতে উল্লেখ কৰা ভাল হ’ব যে অসমৰ সকলো সমষ্টিৰ সমস্যা একে নহয়।গতিকে কিছুমান নতুন আঁচনি কার্যকৰী কৰিব বিচাৰিলে আঁচনিবোৰ অসম ভিত্তিক নকৰি সমষ্টি ভিত্তিক বা জিলা ভিত্তিক কৰিলে ভাল হয়। যদি সম্ভৱ হয় মুখ্যমন্ত্রী গৰাকীও মাজে মাজে ৰাজ্যখনৰ জিলাবোৰলে গৈ ৰাইজৰ লগত প্রতক্ষ্য যোগাযোগ কৰিলে আমি ভাল হয় বুলি ভাবোঁ । এই ৰাজহুৱা সভাবোৰ আলোচনা-বিলোচনাবোৰ সংবাদ মাধ্যমত সঠিক ৰূপত লিপিবদ্ধ হৈ থাকিব লাগে যাতে ই সাক্ষী হয় ৰৈ যায় ।

হাত সাৱটি বহি থাকিলে নহব৷

দুৰ্নীতিৰ বিৰুদ্ধে যুজ দিবলৈ কেৱল ভোট দিয়াটোৱেই যথেষ্ঠ নহয়। কিন্তু হাত সাৱটি বহি থাকিলে নহব৷

Copyright © 2017 by Eternal Quest. All Rights Reserved.