Eternal Quest

বাতৰি

এলবাম

ভিডিও

জনপ্ৰিয় বিষয়

অন্যান্য

তাৰিখ: 14-May-11 Submitted By ptalukdar2009

অসমত একেৰাহে তৃতীয় বাৰৰ বাবে কংগ্ৰেছৰ চৰকাৰ

newsPhoto

২০১১ চনৰ ১৩ মেত অসমৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হয়। মুঠ ১২৬খন আসনৰ ৭৮খন আসনত জয়ী হৈ অসমত শাসকীয় কংগ্রেছ দলে অনাসায়ে সংখ্যা গৰিষ্ঠতা লাভ কৰিলে আৰু একেৰাহে তৃতীয় বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। আনহাতে প্রধান বিৰোধীদল অসম গণ পৰিষদে মাত্র ১০খন আসনহে লাভ কৰে। বিজেপিয়ে ৫খন, বদৰুদ্দিন আজমলৰ দল এ ইউ ডি এফ এই নিৰ্বাচনৰ আশা কৰা ধৰণে ১৮ খন আসন লাভ কৰিছে, আনহাতে হাগ্রামা মহিলাৰীৰ দল বি. ডি. পিয়ে ১২ খন আসন লাভ কৰিছে। ২ জন নিৰ্দলীয়, ১জন তৃণমূল কংগ্রেছৰ প্রাৰ্থীয়ে আসন লাভ কৰছে।

এই নিৰ্বাচনত অসম গণ পৰিষদৰ বহুকেইজন শীৰ্ষ নেতাই পৰাজয় বৰণ কৰে। অসম গণ পৰিষদৰ সভাপতি চন্দ্রমোহন পাটোৱাৰী, অতুল বৰা, বৃন্দাবন গোস্বামী, হীতেন্দ্র নাথ গোস্বামী, ডঃ কমলা কলিতাই পৰাজয় বৰণ কৰছে। আনহাতে কংগ্রেছৰ ভৰত নৰহৰ পৰাজয় উল্লেখণীয়।জালুকবাৰী সমষ্টিৰ কংগ্রেছ প্রাৰ্থী হিমন্তবিশ্ব শৰ্মাই সৰ্বাধিক ভোটৰ (প্রায় ৭৭,০০০)ব্যৱধানত জয়লাভ কৰে।

মুখ্যমন্ত্রী তৰুণ গগৈৰ মতে উন্নয়ণ,স্হায়ীত্ব,শান্তিৰ বাবই কংগ্রেছে এই সাফল্য লাভ কৰিব পাৰলে। নিৰ্বাচনত কংগ্রেছক চমকপ্রদ সাফল্য লভাত সহায় কৰাৰ বাবে মুখ্যমন্ত্রী তৰুণ গগৈয়ে অসমবাসীক কৃতজ্ঞতা জ্ঞাপন কৰে।

picturepictureVote UppictureVote Down

তৰুণ গগৈ

মাননীয় তৰুণ গগৈ দেৱে যোৱা ১০ বছৰত যি কৰিলে, সেয়া চাই কোনোৱে আশা কৰা নাছিল তৰুণ গগৈয়ে এনে দৰে জিকিব । কিন্তু নিশ্চিত ভাৱে অগপই কোৱোৰ দৰে যে ইভিএমৰ বিশংগতি সেয়া বিশ্বাস যোগ্য ।

Copyright © 2017 by Eternal Quest. All Rights Reserved.